Search for:
পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য – সদস্যা সকলৰ আদৰণি তথা সম্বৰ্ধনা অনুষ্ঠান

লখিমপুৰ জিলাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ১৬ নং বাঁহগড়া সমষ্টিবাসী ৰাইজৰ উদ্যোগত আয়োজিত পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য – সদস্যা সকলৰ আদৰণি তথা সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত হৈ অতি আনন্দিত হওঁ । বাঁহগড়া সমষ্টিবাসীৰ এনে মৰম আৰু আদৰৰ বাবে সদায় চিৰকৃতজ্ঞ হৈ ৰম ।
আজি এই অনুষ্ঠানৰ জৰিয়তে বাঁহগড়া সমষ্টিৰ বিভিন্ন উন্নয়ন মূলক আঁচনি আৰু জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত কৰণীয় বিষয় সমূহৰ বিষয়ে সমষ্টি বাসীৰ আগত অৱগত কৰোঁ ।
উক্ত অনুষ্ঠানটিত পৰিষদৰ উপাধ্যক্ষা শ্ৰীমতী নন্দিতা দেউৰী ডাঙৰীয়ানী, কাৰ্য্যবাহী সদস্য – সদস্যা ক্ৰমে শ্ৰীযুত প্ৰফুল্ল দেউৰী ডাঙৰীয়া , শ্ৰীযুত ৰাকেশ বৰদেউৰী ডাঙৰীয়া, শ্ৰী শশাঙ্কৰ বৰদেউৰী ডাঙৰীয়া, শ্ৰীমতী বিজুমনী দেউৰী ডাঙৰীয়ানী , সাধাৰণ সদস্যা শ্ৰীমতী ৰিংকুমনি দেউৰী , পৰিষদৰ প্ৰাক্তন মুখ্য সচিব সন্মানীয় শ্ৰীযুত প্ৰফুল্ল দেউৰী ডাঙৰীয়াৰ লগতে সমষ্টিৰ বহুতো জেষ্ঠ তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

Programe schedule by Chief Executive Member

পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰীযুত ভাস্কৰ দেউৰী ডাঙৰীয়াৰ সৈতে অহা ইংৰাজী ২৭ জানুৱাৰী ২০২৩ তাৰিখৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড় জিলাৰ মিলন নগৰস্থিত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হʼব লগা দেউৰী সাহিত্য সভাৰ ৩৫ সংখ্যক ডিব্ৰুগড় অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লওঁ ।