Search for:
স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ আৰু কাৰ্যবাহী সদস্যসকলৰ শপতগ্ৰহণ অনুষ্ঠান

দেউৰী জনগোষ্ঠীৰ সৰ্বাংগীণ বিকাশ আৰু প্ৰগতিৰ লক্ষ্যৰে আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰী প্ৰদান বৰুৱা ডাঙৰীয়া আৰু লখিমপুৰ জিলাৰ মাননীয় উপায়ুক্ত শ্ৰী সুমিত সত্তাৱন ডাঙৰীয়াৰ উপস্থিতত লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ আৰু কাৰ্যবাহী সদস্যসকলৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত পৰিষদৰ অধ্যক্ষা শ্ৰীমতী অমৃতপ্ৰভা দেউৰী , উপ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ভাস্কৰ দেউৰীৰ লগতে পৰিষদৰ সদস্যসকল উপস্থিত থাকে।